7 মই মোৰ গৃহ ত্যাগ কৰিলোঁ; মোৰ আধিপত্য এৰি দিলোঁ। মই মোৰ প্ৰাণৰ প্ৰিয়াক শত্ৰূ হাতত শোধাই দিলোঁ।
মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে।
মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।
তুমি যিহূদাক নিচেইকৈ অগ্ৰাহ্য কৰিলা নে? তোমাৰ মনে চিয়োনক ঘিণ কৰিলে নে? তুমি আমাক সুস্থ হ’ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালোঁ, কিন্তু কোনো মঙ্গল নাহিল, আৰু সুস্থ হবৰ সময়লৈ বাট চালোঁ, কিন্তু চোৱা, কেৱল ত্ৰাসহে।
আৰু তুমি নিজেই মই তোমাক দিয়া আধিপত্য হেৰুৱাবা। আৰু মই তোমাক, তুমি নজনা দেশত তোমাৰ শত্ৰূবোৰৰ বন্দীকাম কৰোৱাম, কাৰণ তুমি মোৰ ক্ৰোধাগ্নি জ্বলালা, সেয়ে চিৰকাল জ্বলি থাকিব।
কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
“আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
কিয়নো, যদিও ইস্ৰায়েল কি যিহূদা দেশ ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে দোষেৰে ভৰা, তথাপি বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই সি পৰিত্যক্ত হোৱা নাই।
এই হেতুকে, মোৰ নামেৰে প্ৰখ্যাত, তোমালোকে বিশ্বাস কৰা এই গৃহক, তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক মই দিয়া এই ঠাইক, মই চীলোক কৰাৰ দৰে কৰিম।
হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা। কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।
‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
যিহোৱাই কৈছে, “গিলগলত তেওঁলোকে নিজৰ সকলো দুষ্টতা আৰম্ভ কৰিছিল; সেই ঠাইতে মই তেওঁলোকক ঘৃণা কৰিবলৈ ধৰিলো। তেওঁলোকৰ পাপকর্মৰ কাৰণে মই মোৰ লোকসকলৰ মাজৰ পৰা তেওঁলোকক খেদি বাহিৰ কৰি দিম; মই তেওঁলোকক পুনৰায় প্ৰেম নকৰিম; তেওঁলোকৰ সকলো নেতাই বিদ্ৰোহী।
তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, পবিত্র সমাজ গোট খাবলৈ ঘোষণা কৰা।
মই সকলো জাতিক গোটাই যিহোচাফটৰ উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ল’লে।
তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”