যিৰি 1:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব। |
এতিয়া, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদৰ পদত আপোনাৰ এই দাসক ৰজা পাতিলে, কিন্তু মই সৰু ল’ৰা মাথোন৷ মই বাহিৰলৈ ওলাব আৰু অানকি ভিতৰলৈ সোমাবলৈকো নাজানো।
তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”
বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা।
সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।
যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।
কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”
যিহোৱাই মোক মেৰ-ছাগৰ জাক চৰোৱা কার্যৰ পৰা আনি মোক ক’লে, ‘তুমি যোৱা আৰু মোৰ ইস্ৰায়েলৰ লোকসকলৰ আগত গৈ ভাৱবাণী প্ৰচাৰ কৰা’।
তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”
পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।