38 তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
তাতে মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, যিহোৱাই মোক যিদৰে ক’ব, মই সেইদৰেহে ক’ম।”
তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।”
যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।
মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে।
মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
যি তন্ত্ৰ মন্ত্ৰ আৰু মায়াকর্মবোৰত তুমি লাগি আছিলা সৰু কালৰে পৰা যিবোৰ বিশ্বাসেৰে আবৃত্তি কৰিলা, সেইবোৰত লাগি থাকা; হয়তো তুমি জয়ী হ’ব পাৰা, হয়তো তুমি দুর্যোগৰ আতঙ্ক দুৰ কৰিব পাৰা।
তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”
বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি।
তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।
তেতিয়া যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।”
তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো?”
‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’