অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহো 8:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।

অধ্যায়টো চাওক



যিহো 8:33
22 পৰস্পৰ সংযোগসমূহ  

দেশত জন্ম হোৱা লোকৰ বাবে, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী লোকৰ কাৰণেও একেটা বিধিয়েই হ’ব।


তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”


সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে।


তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”


ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।


আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”


আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া সেই দেশত ঈশ্বৰ যিহোৱাই আপোনালোকক যেতিয়া লৈ যাব, তেতিয়া গৰিজ্জীম পৰ্বতত সেই আশীৰ্ব্বাদ, আৰু এবাল পৰ্ব্বতত সেই শাও প্ৰকাশ কৰিব।


আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।


তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,


মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।


তেতিয়া তেওঁ গোটেই ইস্ৰায়েলক, তেওঁলোকৰ বৃদ্ধ আৰু অধ্যক্ষসকলক, বিচাৰকৰ্ত্তা আৰু বিষয়াসকলক মতাই আনি তেওঁলোকক ক’লে, “মই বুঢ়া আৰু অতিশয় বৃদ্ধ হ’লো।


পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।


পাছত নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল লোকসকলৰ আগে আগে গ’ল আৰু লোকসকল যৰ্দ্দন পাৰ হ’বৰ কাৰণে নিজ নিজ তম্বুৰ পৰা ওলাই আহিল;


আৰু লোকসকলক এই আজ্ঞা দিলে যে, “যেতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুক দেখিবা আৰু লেবীয়া পুৰোহিতসকলক সেই চন্দুক বৈ নিয়া দেখিবা, তেতিয়া তোমালোকে এই ঠাই এৰি সেই চন্দুকৰ পাছে পাছে যাবা।


পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।


যিহোৱাই লোকসকলক যিবোৰ কথা ক’বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মোচিয়ে যিহোচূৱাক পালন কৰিবলৈ কৈছিল৷ পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজত থিয় হৈ ৰৈ আছিল আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল।


তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে যৰ্দ্দনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে যৰ্দ্দনৰ পানী নিজ ঠাইলৈ উলটি আহিল আৰু পূৰ্বৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ’ল।


তেতিয়া নুনৰ পুত্ৰ যিহোচূৱাই পুৰোহিতসকলক মাতি আনি ক’লে, “তোমালোকে নিয়ম-চন্দুক দাঙি লোৱা আৰু পুৰোহিত সাত জনে যিহোৱাৰ নিয়ম-চন্দুকৰ আগে আগে মহাশব্দকাৰী সাতোটা শিঙা লৈ যোৱা।”