Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 12:49 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

49 দেশত জন্ম হোৱা লোকৰ বাবে, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী লোকৰ কাৰণেও একেটা বিধিয়েই হ’ব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 12:49
9 পৰস্পৰ সংযোগসমূহ  

সেয়ে ইস্ৰায়েলৰ সকলো লোকে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।


তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।


তোমালোকৰ স্বদেশীয় আৰু বিদেশীয় উভয়ৰ কাৰণে একে ৰূপবিধি হ’ব; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”


ইস্ৰায়েলৰ সন্তান সকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।


যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়স্থান হ’ব।


আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”


এতিয়া খ্রীষ্ট যীচুত যি সকল আছে, তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক, দাস কি স্বাধীনৰ কোনো পার্থক্য নাই; পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই। কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক।


এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন