তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
যিহো 17:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷” |
তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
এইদৰে সৈন্যসকল ইস্ৰায়েলৰ বিৰুদ্ধে গ্ৰাম্যঞ্চলৰ বাহিৰলৈ ওলাই গ’ল; সেই যুদ্ধ ইফ্ৰয়িমৰ হাবিত হ’ল।
সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া,হিত্তীয়া, পৰিজ্জীয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই।
মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
কিন্তু যি জনে নাজানি কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।
তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”
তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷”