Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 17:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷”

অধ্যায়টো চাওক কপি কৰক




যিহো 17:14
12 পৰস্পৰ সংযোগসমূহ  

কিন্তু এই কথাত তেওঁৰ পিতৃ অমান্তি হ’ল আৰু ক’লে, “মোৰ পুত্ৰ মই জানো; মই জানিছোঁ। তেৱোঁ এক জাতি হ’ব আৰু এৱোঁ মহান হ’ব, তথাপিও ইয়াৰ সৰু ভায়েক হ’লে, ইয়াতকৈয়ো মহান হ’ব, আৰু তেওঁৰ বংশই জাতি সমূহৰ মাজত বৃদ্ধি হৈ যাব।”


তেওঁলোকক সেইদিনাই তেওঁ আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ইস্ৰায়েলৰ লোকসকলে আশীৰ্ব্বাদ কৰাৰ সময়ত তোমালোকৰ নাম ধৰি ক’ব, ‘ঈশ্বৰে তোমাক ইফ্ৰয়িম আৰু মনচিৰ নিচিনা কৰক’।” এইদৰে তেওঁ মনচিতকৈ ইফ্ৰয়িমক অগ্ৰগণ্য কৰিলে।


তোমাক মই তোমাৰ ভাই-ককাইসকলতকৈ অধিক দিলোঁ, মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াসকলৰ পৰা যি পাহাৰ লৈছিলোঁ, সেয়া মই তোমাক বেচিকৈ দিছোঁ।”


আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব।


ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।


অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধিকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা।


যোচেফৰ পুত্ৰ মনচিৰ সন্তান সকলৰ গোষ্ঠীৰ মাজত তেওঁলোকৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।


এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।


তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন