পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
যিহো 13:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে; |
পাছত নতুন বছৰৰ আৰম্ভণৰ পাছত বিন-হদদে অৰামীয়াসকলক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অফেকলৈ উঠি গ’ল।
কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।
আৰু কোৱা, ‘প্ৰভু যিহোৱাই যিৰূচালেমক এই কথা কৈছে: “তোমাৰ উৎপত্তি আৰু জন্মৰ ঠাই কনানীয়াসকলৰ দেশ; তোমাৰ পিতৃ ইমোৰীয়া আৰু তোমাৰ মাতৃ হিত্তীয়া আছিল।
সেই ইমোৰীয়াসকলৰ দেশত আধিপত্য দিবৰ কাৰণে ময়েই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনি চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত লৈ ফুৰালোঁ।
এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।
তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।