যিহো 11:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20193 তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে। অধ্যায়টো চাওক |
তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
আমাৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ উলিয়াই আনিলে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ যাব আৰু অনেক জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। এই জাতিবোৰ হ’ল হিত্তীয়া, গিৰ্গাচীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া। এই সাতটা জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী।