যিহো 13:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷ |
সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।
এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগৰ গোটেই ইস্ৰায়েলে হমাতৰ প্ৰবেশ স্থানৰ পৰা মিচৰ-জুৰিলৈকে মহা সমাজ হৈ, সাত দিন আৰু সাত দিন, মুঠতে চৌদ্ধ দিন আমাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে উৎসৱ কৰিছিল।
সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।
আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে?
কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অব্বীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।
কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
তাতে পলেষ্টীয়াসকলৰ অধিপতিসকল তাইৰ ওচৰলৈ আহিল আৰু তাইক ক’লে, “তই তাক ফুচুলাই তাৰ এই গোপণ ৰহস্য জানিবলৈ চেষ্টা কৰ। তেতিয়া তাক কি দৰে ধৰি বান্ধিব পাৰিম, সেই বিষয়ে জানিব পাৰিম আৰু আমি তাক ইচ্ছামতে চলাব পাৰিম। যদি তই এইটো কাম কৰি দিয়, আমি প্রত্যেকে তোক এঘাৰ শ চেকল ৰূপৰ মুদ্ৰা দিম।”
সেই জাতিবোৰ হ’ল, পলেষ্টীয়াসকলৰ পাঁচজন শাসনকর্তা, কনানীয়াসকল, চীদোনীয়া আৰু হিব্বীয়া জাতি। বাল-হৰ্মোন পাহাৰৰ পৰা লেবো-হমাত (হমাতৰ গিৰিপথ) পর্যন্ত লিবানোনৰ যি পাহাৰী এলেকা আছে, এই হিব্বীয়াসকলে তাতে বাস কৰিছিল।
সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।
তেওঁলোকে সুধিলে, “অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই মহামাৰীত আক্ৰান্ত।