3 চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।
সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব।
যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?
জল সমূহৰ কাষত বীজ সিঁচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব।
আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে?
সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!
তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।
কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা, আৰু তোমালোকৰ মন্দিৰবোৰলৈ মোৰ উত্তম উত্তম মনোহৰ বস্তুবোৰ লৈ গলা।
কিয়নো যি দেশ অধিকাৰ কৰিবলৈ আপোনালোক গৈছে, সেইখন যি দেশৰ পৰা আপোনালোক ওলাই আহিছে সেই মিচৰ দেশৰ নিচিনা নহয়; য’ত আপোনালোকে শস্য সিঁচি, শাকনি বাৰীত যেনেকৈ কৰা হয় তেনেকৈ ভৰিৰে পানী দিয়াৰ কার্য কৰিছিল।
মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷