হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
যিহো 12:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে। |
হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
যিহোৱাই যেনেকৈ আমাক নির্দেশ দিছিল, সেইদৰে আমি ঘূৰি চূফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাত্ৰা কৰিছিলোঁ আৰু বহুদিন ধৰি আমি চেয়ীৰ পর্বতমালাত ঘূৰি ফুৰিছিলোঁ।
তুমি লোকসকলক এই আজ্ঞা দিয়া, ‘চেয়ীৰত বাস কৰা তোমালোকৰ ভাই এচৌৰ বংশধৰসকলৰ সীমাৰ ওচৰেদি এতিয়া তোমালোক যাব লাগে; তাতে তেওঁলোকে তোমালোকলৈ ভয় কৰিব; তোমালোকক দেখি তেওঁলোক আতঙ্কিত হ’ব; সেয়ে তোমালোক সাৱধানে থাকিবা।
চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।
আৰু গোটেই ইস্ৰায়েল জাতিয়ে পাৰ হৈ নোযোৱালৈকে, যিহোৱাৰ নিয়ম-চন্দুক বৈ নিয়া পুৰোহিতসকল যৰ্দ্দনৰ মাজত শুকান ভুমিত থিৰে থিয় হৈ থাকিল আৰু গোটেই ইস্ৰায়েলে শুকান ভুমিয়েদি পাৰ হৈ গ’ল।
যৰ্দ্দনৰ সিপাৰে থকা ৰজাসকলে, পৰ্ব্বতীয়া অঞ্চলত আৰু নিন্মভূমিত বসতি কৰা আৰু লিবানোনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়াৰ ৰজাসকলে এই কথা শুনি,