সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে।
যিহো 12:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷ |
সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে।
যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
আপুনি তেওঁলোকক ৰাজ্য সমূহ আৰু লোকসকল দিলে আৰু তেওঁলোকক চাৰিও দিশে ভূমি প্রদান কৰিলে। সেয়ে তেওঁলোকে ৰজা হিচবোনৰ চীহোন দেশ, আৰু ৰজা বাচানৰ ওগ দেশ অধিকাৰ কৰিলে।
ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা। পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ’ল বুলি সোধা।
যিহোৱাই ইমোৰীয়াসকলৰ ৰজা হিচবোন নিবাসী চীহোনক আৰু অষ্টাৰোৎ নিবাসী বাচানৰ ৰজা ওগক ইদ্ৰেয়ীত বধ কৰাৰ পাছত মোচিয়ে এই কথা ক’লে।
অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।