19 হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা। পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ’ল বুলি সোধা।
অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।
মানুহ জনে এলীক ক’লে, “মই আজি সৈন্য সমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ।” তেতিয়া এলীয়ে সুধিলে, “বোপা, তাত কি হৈ আছে?”
যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
পাছত তেওঁলোকে যৰ্দ্দন পাৰ হৈ অৰোয়েৰৰ মাজত থকা নগৰ খনৰ সোঁফালে ছাউনি পাতিলে; আৰু তেওঁলোকে গাদ ও যাজেৰলৈকে গ’ল।
গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
চীহোন ইমোৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিচবোনত বাস কৰিছিল৷ তেওঁ অৰ্ণোনৰ উপত্যকাৰ দাঁতিত থকা অৰোয়েৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মোনৰ সন্তান সকলৰ সীমা যব্বোক নদীলৈকে আধা গিলিয়দ দেশত শাসন কৰিছিল৷
তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?