যিহো 10:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে। |
এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷
তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, ইগ্লোনৰ পৰা হিব্ৰোণলৈ যাত্ৰা কৰিলে, আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
পাছত যিহোচূৱাই ইস্ৰায়েলৰ সৈন্য সকলক লগত লৈ, দবীৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।
এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।
যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।