Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 10:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷

অধ্যায়টো চাওক কপি কৰক




যিহো 10:35
5 পৰস্পৰ সংযোগসমূহ  

তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,


তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে।


তথাপি যেতিয়া তেওঁলোক শত্ৰুবোৰৰ দেশত থাকিব, তেতিয়াও মই শেষ নথকাকৈ বিনষ্ট কৰিবৰ অৰ্থে বা তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটি ভাঙিবৰ কাৰণে তেওঁলোকক অগ্ৰাহ্য বা ঘিণ নকৰিম; কিয়নো মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।


তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷


তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, ইগ্লোনৰ পৰা হিব্ৰোণলৈ যাত্ৰা কৰিলে, আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন