মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
যিহো 10:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এইদৰে সেই ৰজা কেইজনক তেওঁৰ ওচৰলৈ লৈ অহাৰ পাছত যিহোচূৱাই ইস্ৰায়েলৰ পুৰুষসকলক মাতি আনিলে আৰু তেওঁৰ লগত নিজৰ লগত যোৱা সেনাপতি সকলক আজ্ঞা কৰিলে, “বোলে, তোমালোকে ওচৰলৈ আহি এই ৰজাসকলৰ ডিঙিত ভৰি দিয়া।” এই হেতুকে তেওঁলোকে ওচৰলৈ আহি তেওঁলোকৰ ডিঙিত ভৰি দিলে। |
মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
মই তোমালোকৰ উৎপীড়ক জনৰ হাতত তাক দিম; যিসকলে তোমালোকক কৈছিল, ‘উবুৰি হৈ পৰা, যাতে আমি তোমালোকৰ ওপৰেৰে যাব পাৰোঁ,’ আৰু তেওঁলোকে খোজ কাঢ়িব পৰাকৈ তোমালোকৰ পিঠি মাটিৰ দৰে আৰু বাটৰ দৰে কৰা।” আলি স্বৰূপে তোমাৰ পিঠি পাতি দিলা।
তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”
কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।