3 তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
মই তোৰ আৰু নাৰীৰ মাজত, তোৰ বংশ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;
যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।
তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ; মৃত্যুয়েই তেওঁলোকৰ ৰখীয়া হ’ব; তেওঁলোক চিয়োললৈ নামি যাব। তেওঁলোকৰ ৰূপ চিয়োলত নষ্ট হ’ব; তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব।
তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।
কিয়নো চিয়োন পৰ্ব্বতত যিহোৱাৰ হাতে স্থিতি ল’ব, আৰু গোবৰ পেলোৱা গাতত যিদৰে খেৰ গচকা হয়, সেই দৰে মোৱাবক নিজৰ ঠাইত গচকা হ’ব।
দৰিদ্রসকলৰ ভৰিয়ে তাক গচকিছে, আৰু অভাৱীসকলেও তাক গচকিছে।
মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে।
তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা! এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালোঁ। সেয়ে তোমাক গ্ৰাস কৰিব। আৰু তোমাক সকলোৱে দেখাকৈ মই তোমাক মাটিত ভষ্ম কৰিম।
কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
তেতিয়া মোৰ শত্রুৱে সেয়া চাব, “তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” বুলি সোধা জন লাজত পৰিব, মোৰ দৃষ্টিয়ে তেওঁক চাব; তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।
তেওঁলোকে বীৰ হৈ যুঁজত বাটৰ বোকাত তেওঁলোকৰ শত্ৰুবোৰক গচকিব; তেওঁলোকে যুদ্ধ কৰিব, কিয়নো যিহোৱা তেওঁলোকৰ লগত আছে, আৰু যিসকল অশ্বাৰোহী, তেওঁলোকক লজ্জিত কৰিব।
বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক।
পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।
নগৰৰ বাহিৰত সেই পেৰাশাল গচকাত, শালৰ পৰা তেজ ওলাই, ঘোঁৰাৰ লেকামৰ সমান ওখ হৈ, দুশ মাইলতকে বিয়পি গ’ল।