উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
যিহো 1:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।” |
উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
কিন্তু মোৰ সেই যি শত্ৰুবোৰে, সিহঁতৰ ওপৰত মই ৰাজত্ব কৰাতো নিবিচাৰিলে, সিহঁতক ইয়ালৈ আনি মোৰ আগতে বধ কৰাহঁক’।”
কিন্তু যিকোনো লোকে গৰ্ব্ব কৰি, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পৰিচৰ্যা কৰাৰ কাৰণে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ, বা বিচাৰকৰ্ত্তাৰ কথা নুশুনে, সেই মানুহৰ প্ৰাণদণ্ড হ’ব। এইদৰে আপুনি ইস্ৰায়েলৰ মাজৰ পৰা তেনে দুষ্টতা দুৰ কৰিব।
সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
আমি সকলো বিষয়তে যেনেকৈ মোচিৰ আদেশ মানি চলিছিলোঁ, তেনেকৈ আপোনাৰো আদেশ মানি চলিম৷ কেৱল, মোচিৰ লগত থকাৰ দৰে, আপোনাৰ লগতো আপোনাৰ ঈশ্বৰ যিহোৱা থাকক৷
মই তোমাক আজ্ঞা দিয়া নাই নে? বলৱান আৰু সাহিয়াল হোৱা! ত্ৰাসিত বা ব্যাকুল নহ’বা; কিয়নো তুমি যি যি ঠাইলৈ যাবা, সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ লগত থাকিব।”
তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
সেয়ে লোকসকলে চমূৱেলক ক’লে, “চৌল আমাৰ ওপৰত ৰজা হ’বনে বুলি কোৱা লোকসকল কোন?’ সেই মানুহসকলক আনা, “আমি তেওঁলোকক প্ৰাণদণ্ড দিওঁ।”