Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহো 2:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷

অধ্যায়টো চাওক কপি কৰক




যিহো 2:1
23 পৰস্পৰ সংযোগসমূহ  

সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”


যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”


হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।


তেতিয়া যিহোৱাই মোচিক ক’লে,


“মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”


পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,


আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।


চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;


শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।


আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।


বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল।


সেইদৰে ৰাহাব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?


যদি কোনোৱে আপোনাৰ আজ্ঞাৰ বিৰুদ্ধাচৰণ কৰে আৰু আপুনি দিয়া আজ্ঞাৰ কোনো কথা নুশুনে, তেনেহলে সেই জনৰ প্ৰাণদণ্ড হ’ব৷ কেৱল আপুনি বলৱান আৰু সাহিয়াল হওঁক।”


কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”


চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।


পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷


ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধূলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।


তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।


তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”


তেতিয়া দেশৰ বুজ-বিচাৰ ল’বলৈ আগেয়ে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা-মুৰ্ত্তিটো, এফোদ খন, গৃহ-দেৱতা কেইটা আৰু সাঁচত ঢলা প্ৰতিমাটো ল’লে; সেই সময়ত যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষৰ লগত সেই পুৰোহিতজনো পধূলি মুখত থিয় হৈ আছিল।


তেতিয়া দানৰ সন্তান সকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ-বিচাৰ লবলৈ, চৰা আৰু ইষ্টায়োলৰ পৰা পঠিয়াই দিলে; আৰু তেওঁলোকক ক’লে, “তোমালোকে গৈ দেশৰ বুজ-বিচাৰ লোৱা।” তাতে তেওঁলোকে গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলৰ সেই মীখাৰ ঘৰৰ ওচৰ পাই তাতে ৰাতি থাকিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন