“তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিষ্কিয়াক কোৱাগৈ, ‘তোমাৰ পূর্বপুৰুষ দায়ুদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলোঁ। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি যিহোৱাৰ গৃহলৈ উঠি যাবা।
যিহো 1:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।” |
“তুমি ঘূৰি যোৱা আৰু মোৰ লোকসকলৰ নেতা হিষ্কিয়াক কোৱাগৈ, ‘তোমাৰ পূর্বপুৰুষ দায়ুদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মই তোমাৰ চকুৰ পানী দেখিলোঁ। তৃতীয় দিনা মই তোমাক আৰোগ্য কৰিম আৰু তুমি যিহোৱাৰ গৃহলৈ উঠি যাবা।
তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ।
কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।
সেই সময়ত মই আপোনালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, আপোনালোকৰ অন্যান্য ইস্ৰায়েলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব।
হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।
“মোৰ দাস মোচিৰ মৃত্যু হ’ল; এতেকে তুমি এতিয়া উঠা আৰু এই লোকসকলৰ সৈতে, মই যি দেশ ইস্ৰায়েলৰ সন্তানসকলক দিছোঁ, সেই দেশলৈ যৰ্দ্দন নদী পাৰ হৈ যোৱা।