31 কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাক অধিকাৰ কৰিবৰ অৰ্থে আপোনালোকে তাত সোমাবলৈ যৰ্দ্দন পাৰ হৈ যাব। আপোনালোকে তাক অধিকাৰ কৰি তাতে বসতি কৰিব।
আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
এই কাৰণে, মই আজি আপোনালোকৰ আগত যি যি বিধি আৰু শাসন-প্ৰণালী প্ৰকাশ কৰিছোঁ, সেই সকলোকে পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব।”
আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে, যেতিয়া ক’ব, “মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে মইও মোৰ ওপৰত এজন ৰজা পাতোঁ।”
হে ইস্ৰায়েলীয়াসকল শুনক; যি সকলো জাতি আপোনালোকতকৈ বৃহৎ আৰু শক্তিশালী, আপোনালোকে এতিয়া তেওঁলোকৰ আকাশলঙ্ঘা দেৱালেৰে আবৃত বৃহৎ নগৰবোৰ অধিকাৰ কৰিবৰ কাৰণে যৰ্দ্দন নদী পাৰ হ’বলৈ গৈ আছে।
“তোমালোকে চাউনিৰ মাজেদি গৈ লোকসকলক এই আজ্ঞা কৰা, ‘তোমালোক প্ৰত্যেকে নিজৰ কাৰণে বাটৰ সম্বল যুগুত কৰা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে তোমালোকক যি দেশ দিছে, সেই দেশত সোমাই তাক অধিকাৰ কৰিবৰ বাবে তিনি দিনৰ ভিতৰত তোমালোকে সেই যৰ্দ্দন নদী পাৰ হৈ যাব লাগিব’।”
এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।