তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
যিহি 5:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা। |
তথাপি মনচিয়ে যিহূদাক আৰু যিৰূচালেম-নিবাসীসকলক এনেকৈ ভ্ৰান্ত কৰিলে যে, যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা যি জাতিবোৰক উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিলে।
মই তেওঁলোকৰ বন্দী অৱস্থা অৰ্থাৎ চদোম আৰু তাইৰ জীসকলৰ আৰু তেওঁলোকৰ মাজত থকা তোমাৰ বন্দীবোৰৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম।
এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।