সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
যিহি 47:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব। |
সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাঁবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।
মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
কিয়নো তেওঁ জলৰ দাঁতিত ৰোৱা, আৰু নদীৰ পাৰত বহু শিপা মেলা গছৰ নিচিনা হ’ব। খৰ মাৰিলে সি ভয় নকৰিব, কিন্তু তাৰ পাত কেঁচাই থাকিব। আৰু তেতিয়া অনা বৃষ্টিৰ বছৰতো তাৰ চিন্তা নহ’ব, আৰু গুটি নলগাকৈ নাথাকিব।
গিলিয়দ প্রদেশত জানো ঘা সুস্থ কৰা গছৰস নাই? বা তাত জানো চিকিৎসক নাই? তেন্তে মোৰ জাতিস্বৰূপা জীয়াৰীৰ ঘা কিয় সুস্থ হোৱা নাই?
তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে।