Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহি 47:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব।

অধ্যায়টো চাওক কপি কৰক




যিহি 47:13
12 পৰস্পৰ সংযোগসমূহ  

সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।


মই মিচৰত তোমাৰ ওচৰলৈ অহাৰ আগতে তোমাৰ যি দুজন পুত্ৰ মিচৰ দেশত জন্মিছে, তেওঁলোকো মোৰেই। ৰূবেণ আৰু চিমিয়োনৰ দৰে ইফ্ৰয়িম আৰু মনচি মোৰেই হ’ব।


“সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”


ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।


মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।


প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।


পাছত যিহোৱাই মোচিক ক’লে,


এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।


এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷


ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন