অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহি 46:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।

অধ্যায়টো চাওক



যিহি 46:12
19 পৰস্পৰ সংযোগসমূহ  

পাছত ৰজাই বলিদান কৰিবৰ অৰ্থে গিবিয়োনলৈ গ’ল, কিয়নো সেই ঠাই আটাইতকৈ প্ৰধান পবিত্ৰ ঠাই আছিল৷ চলোমনে তাত থকা যজ্ঞবেদীৰ ওপৰত এক হাজাৰ হোম-বলি দিলে।


তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।


তেতিয়া হিষ্কিয়াই উত্তৰ দি ক’লে, “এতিয়া আপোনালোকে যিহোৱাৰ উদ্দেশ্যে নিজকে পবিত্ৰ কৰিলে; আপোনালোক ওচৰলৈ আহক আৰু যিহোৱাৰ গৃহলৈ মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি আনক।” তেতিয়া সমাজে মঙ্গলাৰ্থক আৰু ধন্যবাদাৰ্থক বলি অানিলে আৰু যিমান লোকৰ ইচ্ছা আছিল, সেই সকলোৱেও হোম-বলি আনিলে।


তাতে চলোমন ৰজাই, তেওঁৰ ওচৰত গোট খোৱা ইস্ৰায়েলৰ গোটেই মণ্ডলীৰ সৈতে নিয়ম-চন্দুকৰ আগত ভেড়া, গৰু আদি বলিদান কৰি আছিল; সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল।


ৰাজ্যৰ যিকোনো ঠাইত যি সকল অৱশিষ্ট লোক বাস কৰি আছে, সেই ঠাইৰ লোকসকলে যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ অৰ্থে ইচ্ছাকৃত ভাৱে দিয়া দানৰ উপৰিও ৰূপ, সোণ, নানা দ্ৰব্য, আৰু জীৱ-জন্তু দি তেওঁক সহায় কৰক।”


এইদৰে তেওঁলোকে প্রতিদিনে, আৰু প্রতিমাহে এবাৰ হোম-বলি, নিৰূপিত সকলো পৰ্ব্ব, আৰু ইচ্ছাকৃত দানৰ সৈতে যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিছিল।


ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে এশ দমৰা, এশ মতা মেৰ-ছাগ, আৰু চাৰিশ মেৰ-ছাগ পোৱালি, তেওঁলোকে দান দিলে। ইস্রায়েলত থকা প্রতিটো জাতিৰ বাবে এটা আৰু সকলো ইস্রায়েল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে বাৰটা মতা ছাগলীও দান কৰিলে।


তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল।


অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।”


আৰু পৰ্ব্বতবোৰত ন-জোনত, বিশ্ৰাম-দিনত ইস্ৰায়েল বংশৰ আটাই নিৰূপিত উৎসৱত হোম-বলি ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ’ব; ইস্ৰায়েল বংশক প্ৰায়শ্চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি, ভক্ষ্য নৈবেদ্য, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব।’


যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই ওলাই যাব।


যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।


যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।


কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।


সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”


এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।


খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।