Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গননা 29:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

39 সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।”

অধ্যায়টো চাওক কপি কৰক




গননা 29:39
20 পৰস্পৰ সংযোগসমূহ  

আৰু যিহোৱাৰ উদ্দেশে প্রতিদিনে বিধানৰ মতে, লেখ অনুসাৰে বিশ্ৰাম-বাৰত, আৰু ন-জোন উৎসৱত আৰু নিৰূপিত পৰ্ব্বতত যিহোৱাৰ উদ্দেশে হোম-বলি উৎসৰ্গ কৰিছিল।


আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।


আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।


লিখা অনুসাৰে তেওঁলোকে পঁজা-পৰ্ব্বও পালন কৰিছিল, আৰু প্রতিদিনৰ নিয়ম অনুসাৰে দিনে দিনে হোম-বলি উৎসৰ্গ কৰিছিল।


এইদৰে তেওঁলোকে প্রতিদিনে, আৰু প্রতিমাহে এবাৰ হোম-বলি, নিৰূপিত সকলো পৰ্ব্ব, আৰু ইচ্ছাকৃত দানৰ সৈতে যিহোৱাৰ উদ্দেশে উৎসৰ্গ কৰিছিল।


তাৰ বাবে দৰ্শন-পিঠা, প্রতিদিনৰ শস্য-নৈবেদ্য, বিশ্ৰামবাৰৰ হোম-বলি, ন-জোনৰ আৰু নিৰ্ধাৰিত পৰ্ব্ববোৰ, পবিত্ৰ-নৈবেদ্যৰ, আৰু ইস্ৰায়েলক প্ৰায়চিত্ত কৰিবৰ অৰ্থে পাপাৰ্থক বলি দিয়া আদি আমাৰ ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ কাৰণে এই সকলো কৰিম।


তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।


“তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।


আৰু সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ সেয়ে প্ৰায়শ্চিত্তৰ দিন হ’ব।


যিহোৱাৰ বিশ্ৰাম-বাৰ বোৰৰ বাহিৰে আৰু তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি যি দান দিয়া, প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে আৰু ইচ্ছামতে এনেই দিবৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে তোমালোকে যি যি উপহাৰ দিয়া, সেই বোৰৰ কাৰণে এই পৰ্ব্ববোৰ পালন কৰিবা।


যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।


তোমালোকে মোৰ উদ্দেশ্যে তোমালোকৰ হোম-বলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলেও মই সেইবোৰ গ্ৰহণ নকৰিম; এনেকি তোমালোকে যদি হৃষ্টপুষ্ট পশুৰে মঙ্গলার্থক বলিও দিয়া, তথাপিও মই তালৈ দৃষ্টি নকৰিম।


“তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁলোকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰিবৰ বাবে তেওঁলোক যেন সজাগে থাকে’।


আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।


মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলক এই সকলো কথা ক’লে।


নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে যিহোৱাক দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে, তাকো দিব পাৰে; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে’।”


এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।


আপোনালোকে আপোনালোকৰ হোম-বলি, বলি উৎসর্গ, দশমভাগ আৰু আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, সঙ্কল্প পূৰণৰ নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান আৰু গৰু-ছাগলী, মেৰ আদিৰ জাকৰ প্ৰথমে জগা পোৱালি সেই ঠাইলৈ লৈ যাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন