তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।
যিহি 44:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা। |
তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ আৰু পবিত্ৰ স্থানৰ দ্বয়ীত্বত আছিল, আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যা কাৰ্যত হাৰোণৰ বংশধৰ সকলকো সহায় কৰিছিল।
গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।
‘তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।
এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”
তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”
সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ -