যিহি 43:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব। |
তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মান কৰিলে; সেয়ে দীঘে বিশ হাত, বহলে বিশ হাত আৰু ওখই দহ হাত আছিল।
দেশৰ লোকসকলৰ কাৰণে আতঙ্কিত হৈ তেওঁলোকে যজ্ঞবেদী তাৰ নিজৰ স্থানত স্থাপন কৰিলে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিছিল।
তুমি যজ্ঞবেদীটো চিটীম কাঠেৰে সাজিবা। সেই বেদীৰ দীঘলে পাঁচ হাত, বহলে পাঁচ হাত হ’ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ’ব লাগিব, আৰু ওখই তিনি হাত হ’ব লাগিব।
হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।