Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




1 ৰাজা 8:51 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

51 কিয়নো তেওঁলোক লোহাৰ কুণ্ড স্বৰূপ মিচৰ দেশৰ পৰা অনা আপোনাৰ প্ৰজা আৰু আপোনাৰ আধিপত্য।

অধ্যায়টো চাওক কপি কৰক




1 ৰাজা 8:51
15 পৰস্পৰ সংযোগসমূহ  

কিয়নো, হে প্ৰভু যিহোৱা, আমাৰ ওপৰ-পিতৃসকলক মিচৰ দেশৰ পৰা অনা কালত আপোনাৰ দাস মোচিৰ দ্বাৰাই যেনেকৈ কৈছিল, তেনেকৈ আপোনাৰ আধিপত্য হ’বলৈ তেওঁলোকক পৃথিৱীৰ আটাই জাতিবোৰৰ পৰা আপুনিয়েই পৃথক কৰিলে।”


তেতিয়া আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তেওঁলোকৰ প্ৰাৰ্থনা আৰু অনুৰোধ শুনি, তেওঁলোকৰ বিচাৰ নিষ্পত্তি কৰিব আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব।


তেওঁলোকেই আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে।


হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।


চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয়; অত্যন্ত যন্ত্রণাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।


হে যিহোৱা, তুমি অত্যন্ত ক্ৰোধিত নহ’বা, বা আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে সদায় সোঁৱৰণ কৰি নাথাকিবা; অনুগ্রহ কৰি তোমাৰ লোক, আমাক সকলোলৈ দৃষ্টি কৰ।


তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”


যাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়; কিয়নো তেওঁ সকলোৰে নিৰ্ম্মাণকৰ্ত্তা আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।


তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।


কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।


যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন