যিহি 41:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল। |
আৰু দেবদাৰু কাঠৰ দুখলপীয়া দুৱাৰ কৰিলে৷ এখন পাত ঘুৰাব পৰা দুচলা তক্তা আৰু আন খলপাতো ঘূৰাব পৰা দুচলা তক্তা আছিল৷
নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।
পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে।
আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কুঠাৰৰে কাটি নষ্ট নকৰিব। কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব। সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে, সেইবোৰক আপোনালোকে অৱৰোধ কৰিব?