22 নিৰ্ম্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা; আৰু গৃহৰ প্ৰবেশস্থানৰ বিষয়ে ক’বলৈ গ’লে, অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।
তাতে কৰূব, খাজুৰ গছ আৰু মুকলি হোৱা ফুলৰ ছবি অংকন কৰিলে, আৰু সোণৰ পতা কৰি, সেই সোণ কটা-কামত লগালে।
নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
সোণৰ ফুল, প্ৰদীপ, শলাকানি-কটা, সকলোৱেই অতি শুদ্ধ সোণৰ৷
এইদৰে যিহোৱাৰ গৃহৰ বাবে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ’ল। পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত হ’ল।
এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব।
তুমি যজ্ঞবেদীৰ সকলো সামগ্রী তৈয়াৰ কৰিবা: ছাঁই পেলোৱা পাত্ৰ, হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ। সেই সকলো সঁজুলি পিতলেৰে গঢ়াবা।
বচলেলে দীপাধাৰৰ সাতোটা প্ৰদীপ, চেপেনা আৰু তাৰ ট্রে শুদ্ধ সোণেৰে গঢ়ালে।
আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল।