যিহি 30:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই এই কথা কৈছে: “যিসকল মিচৰৰ স্তম্ভস্বৰূপ অর্থাৎ তেওঁলোকৰ ফলিয়া হ’ব, তেওঁলোকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। মিগদোলৰ পৰা চিবেনিলৈকে তেওঁলোকৰ সৈন্য সমূহ তৰোৱালৰ দ্বাৰাই পতিত হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা! |
মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
চোৱা, এইবোৰ দূৰৰ পৰা আহিব, কিছুমান উত্তৰৰ পৰা আৰু কিছুমান পশ্চিম দিশৰ পৰা; আৰু আনবোৰ চিনীম দেশৰ পৰা আহিব।
এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।
তাৰ পাছত মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তেতিয়া তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব’।”
কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।