Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 29:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।

অধ্যায়টো চাওক কপি কৰক




যিহি 29:10
12 পৰস্পৰ সংযোগসমূহ  

“ইস্ৰায়েলী লোক সকলক কোৱা যে, তেওঁলোক ঘূৰি বাল-চফোনৰ সন্মুখত, মিগদোল আৰু সাগৰৰ মাজত, পী-হহীৰোতৰ আগত তম্বু তৰিব। তোমালোকে পী-হহীৰতৰ বিপৰীতে থকা সাগৰৰ দাঁতিত তম্বু তৰিবা।


মিগদোল তহ্পন্হেচত, নোফত আৰু পথ্ৰোচ প্ৰদেশত থকা মিচৰ-দেশনিবাসী সকলো যিহুদীসকলৰ বিষয়ে যিৰিমিয়াৰ ওচৰলৈ অহা বাক্য।


“তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”


এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে অনৰ্থক বাক্য কৈছা আৰু মিছা দৰ্শন পাইছা; চোৱা, মই তোমালোকৰ বিপক্ষ - এই কাৰণে, প্ৰভু যিহোৱাই এইদৰে কৈছে।


তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!


এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম!


মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!


ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”


তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”


মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!”


নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে? যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে, তেতিয়া আপোনাৰ ৰথে ৰক্ষা পাই নে?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন