যিহি 27:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল। |
চলোমনৰ যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰ মিচৰ পৰা অনা হৈছিল৷ সেই ঘোঁৰাবোৰ ৰজাঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনিছিল।
তৰ্চীচৰ পৰা শিল্পকাৰৰ আৰু সোণাৰীৰ হাতে কৰা পতা-ৰূপ আৰু উফজৰ পৰা সোণ তেওঁলোকে আনে, সেইবোৰৰ পৰিধান-বস্ত্ৰ নীল আৰু বেঙেনা বৰনীয়া সুতাৰে কৰা; সেই আটাইবোৰ নিপুণ মানুহৰ কাৰ্য।
মই তোমাক কাৰচিপি বন কৰা কাপোৰো পিন্ধালোঁ, তোমাৰ ভৰিত তহচ জন্তুৰ ছালৰ জোতা দিলোঁ, তোমাৰ কঁকালত মিহি শণ সূতাৰ টঙালি বান্ধিলোঁ আৰু তোমাক পাতৰ বস্ত্ৰেৰে বিভূষিত কৰিলোঁ।