4 যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।
তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল!
তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল! সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!
তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।
তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।
কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”