তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
যিহি 25:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।” |
তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
পলেষ্টীয়াসকলেও নিম্ন ভূমিৰ আৰু যিহূদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল৷ তেওঁলোকে বৈৎচেমচ, অয়ালোন, গদেৰো, উপনগৰে সৈতে চোকো, উপনগৰে সৈতে তিম্না আৰু উপনগৰে সৈতে গিমজো অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল।
পূব দিশত অৰাম, আৰু পশ্চিম দিশত পলেষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; কিন্তু আঘাত কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব।
তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতি সমূহক, উচ দেশৰ সকলো ৰজাক, পলেষ্টীয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, গাজা, ইক্ৰোণ, আৰু অচ্দোদৰ অৱশিষ্ট ভাগক,
প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -