Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 25:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতি সমূহক, উচ দেশৰ সকলো ৰজাক, পলেষ্টীয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, গাজা, ইক্ৰোণ, আৰু অচ্‌দোদৰ অৱশিষ্ট ভাগক,

অধ্যায়টো চাওক কপি কৰক




যিৰি 25:20
19 পৰস্পৰ সংযোগসমূহ  

উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল।


কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।


হে উচ দেশীয় ইদোম নিবাসিনী জীয়ৰী সকল উল্লাস কৰা আৰু আনন্দিত হোৱা, কাৰণ পান-পাত্ৰটি পাৰ হৈ তোমাৰ ওচৰলৈকো যাব। তাতে তুমি মতলীয়া হৈ নিজকে বিবস্ত্ৰ কৰিবা।


সিহঁতৰ ঘোঁৰা ৰথ, আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত তিৰোতাৰ নিচিনা হ’ব; তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ’ব।


সেই বছৰত অচূৰৰ ৰজা চৰ্গোনে যেতিয়া তৰ্ত্তনক পঠালে, তেতিয়া তৰ্ত্তন অচ্‌দোদ নগৰলৈ আহিল; আৰু অচদোদৰ বিৰুদ্ধে যুদ্ধ কৰি তাক জব্দ কৰিলে।


আৰবৰ সকলো ৰজাক, মৰুভূমি-নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক,


ইয়াৰ উপৰিও অনা ইস্ৰায়েলী বহুলোক,তেওঁলোকৰ ভেৰা, ছাগলী আদি কৰি বহুতো পশুৰে সৈতে তেওঁলোকৰ লগত গৈছিল।


চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।


যিহোৱাৰ উদ্দেশ্যে পলেষ্টীয়াসকলে দোষাৰ্থক উপহাৰ ৰূপে পঠোৱা বিহ ফোঁহোৰাৰ আকৃতিৰে সজা সোণৰ বস্তুবোৰ, অচ্‌দোদৰ অৰ্থে এটা, গাজাৰ অৰ্থে এটা, অস্কিলোনৰ অৰ্থে এটা, গাতৰ অৰ্থে এটা আৰু ইক্ৰোণৰ অৰ্থে এটা আছিল৷


তেওঁলোক হ’ল তেওঁৰ বৰ পুতেক উচ; তাৰ পাছত ভায়েক বুজ আৰু কমৱেলৰ জন্ম হ’ল। কমৱেলৰ পুত্রৰ নাম আছিল অৰাম।


অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।


যিহূদা বংশই গাজা, অস্কিলোন, ইক্ৰোণ চহৰ আৰু তাৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ দখল কৰিলে।


আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন