সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
যিহি 18:32 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!” |
সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
হে ইস্ৰায়েলৰ লোকসকল, তোমালোকে যি জনালৈ অতিশয় ভাবে পিঠি দিছিলা, সেই জনালৈ উভটি আহাঁ।
দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?
তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’
সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷