23 প্ৰভু যিহোৱাই ঘোষণা কৰিছে - “দুষ্টজনৰ মৃত্যুত জানো মই অতিকৈ সন্তোষ পাওঁ” - যিহেতু তেওঁলোকে নিজ কু-পথৰ পৰা ঘূৰি আহি জীয়াই থাকিব পাৰিলেহেঁতেন?
কিয়নো আমি অৱশ্যে মৰিম; আৰু আমি পুনৰায় জমা কৰিব নোৱাৰা মাটিত পৰা পানীৰ নিচিনা হ’ম৷ ঈশ্বৰে প্ৰাণ নিনিয়ে, কিন্তু আপোনাৰ পৰা দেশান্তৰ কৰা লোক যাতে দেশান্তৰিত হৈ নাথাকে, তাৰ উপায় চিন্তা কৰে।
সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।
কিয়নো যি জন লোকৰ মৃত্যু হয়, তেওঁৰ মৃত্যুত মই সন্তোষ নকৰোঁ” - এই কথা প্ৰভু যিহোৱাই ঘোষণা কৰিছে। “এই হেতুকে তোমালোক মনপালটন কৰি জীয়াই থাকা!”
তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’
হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।
সেইদৰে মই আপোনালোকক কওঁ, মন পালটোৱা এজন পাপীৰ অর্থে, ঈশ্বৰৰ দূতবোৰৰ সাক্ষাতে আনন্দ হয়।”
কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈয়ো আকৌ জীয়াই উঠিল; হেৰোৱা হৈয়ো পালোঁ; এই কাৰণে আমি প্ৰীতি ভোজ পাতি আনন্দ কৰিব লাগে৷’”
তেওঁৰ ইচ্ছা এয়ে যে, সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়।
কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷