যিচ 46:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আনকি তোমালোকৰ বৃদ্ধ অৱস্থালৈকে মইয়ে সেই জন, আৰু চুলি নপকা প্রয্যন্ত ময়েই তোমালোকক কঢ়িয়াম; ময়েই তোমালোকক সৃষ্টি কৰিলোঁ, আৰু ময়েই তোমালোকক পোহপাল দিম; মই তোমালোকক সুৰক্ষিত স্হানলৈ লৈ যাম। |
প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।
আদিৰে পৰা মইয়েই তেওঁ, মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই; মই কাৰ্য কৰিম, আৰু কোনে তাক ঘুৰাব পাৰে?”
মই, মইয়েই মোৰ নিজৰ বাবে তোমাৰ অধৰ্মবোৰ মোচন কৰোঁ; আৰু তোমাৰ পাপবোৰ মই আৰু মনত নাৰাখিম;
হে মোৰ আমন্ত্ৰিত যাকোব আৰু ইস্ৰায়েল, মোৰ কথা শুনা; মইয়ে তেওঁ, মইয়ে আদি, মইয়ে অন্তও।
“কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব।
“কিয়নো মই, যিহোৱা, মোৰ কোনো পৰিবৰ্ত্তন নাই; সেয়ে, হে যাকোবৰ বংশধৰ, তোমালোক বিনষ্ট হোৱা নাই।
পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷