Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মলা 2:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

16 “কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব।

অধ্যায়টো চাওক কপি কৰক




মলা 2:16
13 পৰস্পৰ সংযোগসমূহ  

এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণ স্বৰূপ হৈছে।


যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।


কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?


কিয়নো মানুহে ভৰি মেলিবলৈ খাট অতি চুটি আৰু গাত লবলৈ কাপোৰ অতি ঠেক হৈছে।”


যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।


তেওঁলোকে গঁথা ঊন বস্ত্ৰৰ বাবে ব্যৱহাৰ কৰা নহ’ব, আৰু তেওঁলোকে কৰা বস্ত্ৰেৰে নিজৰ গা নাঢাকিব; তেওঁলোকৰ কাৰ্য অধৰ্মৰ কাৰ্য, আৰু তেওঁলোকৰ নিজৰ হাতেৰে অত্যাচাৰ কৰে।


যি কোনোৱে নিজৰ পত্নিক বিবাহ বিচ্ছেদ কৰি অন্য মহিলাক বিবাহ কৰায়, তেওঁ ব্যভিচাৰ কৰে; যদি সেই পৰিত্যক্তা মহিলা গৰাকীক আন কোনো লোকে বিয়া পাতে তেৱোঁ ব্যভিচাৰ কৰে৷


এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন