তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
যিচ 44:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যি জনাই অনৰ্থক কথা কোৱাসকলৰ লক্ষণবোৰ ব্যৰ্থ কৰে, মঙ্গলতীবোৰক বলীয়া কৰে, আৰু যি সকলে মঙ্গল চাই তেওঁলোকক অপমান কৰে, আৰু মই সেই জন যি জনে জ্ঞানীসকলৰ প্রজ্ঞা বিপৰ্যস্থ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শ মুৰ্খতালৈ ৰূপান্তৰিত কৰে। |
তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
সেই কালত অহীথোফলে যি যি দিহা দিছিল, সেইবোৰ ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ দৰে আছিল৷ দায়ূদক দিয়া আৰু অবচালোমক দিয়া অহীথোফলৰ সকলো দিহা তেনেদৰেই আছিল।
পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।
তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।”
সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।
শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।
মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।
এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব।
ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।
ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে।
তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।
ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”
কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।
নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই, ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য নাই। এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব, ‘চোৱা ঈশ্বৰে কেনে কাৰ্য কৰিলে!’