Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 18:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।”

অধ্যায়টো চাওক কপি কৰক




2 বংশা 18:11
11 পৰস্পৰ সংযোগসমূহ  

ৰামোৎ-গিলিয়দত বিন-গেবৰ, তেওঁৰ অধীনত গিলিয়দত থকা মনচিৰ পুত্ৰ যায়ীৰৰ আটাই গাওঁ আৰু বাচানত থকা অর্গোব অঞ্চল অৰ্থাৎ গড়েৰে বেষ্টিত আৰু পিতলৰ ডাং থকা ষাঠিখন ডাঙৰ নগৰ আছিল,


কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে:ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।”


পাছত যি দূতজনে মীখায়াক মাতিবলৈ গৈছিল তেওঁ তেওঁক ক’লে, “চাওঁক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওঁক; আপুনিও যেন মঙ্গলৰ বাক্য কয়৷”।


তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে মই ক্ষান্ত হৈ থাকিম?” তাতে তেওঁলোকে ক’লে, “যাওঁক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”


ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।


তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।


তেতিয়া পশু আৰু তাৰে সৈতে যি ভাঁৰি-কোৱা ভাববাদীয়ে তাৰ আগত আচৰিত চিন দেখুৱাইছিল, যাৰ দ্ৱাৰাই সেই পশুৰ ছাব মাৰি লোৱা সকলক আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰাবোৰক ভুলাইছিল, সেই দুয়োকো বন্দী কৰা হ’ল আৰু গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত, জীয়াই জীয়াই দুয়োকো পেলোৱা হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন