যিচ 38:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই কৈছিলোঁ যে, মোৰ জীৱনৰ আধা ভাগত মই চিয়োলৰ দুৱাৰৰ মাজেৰে যাম; মোৰ আয়ুসৰ অৱশিষ্ট ভাগৰ বাবে মোক তালৈ পঠোৱা হৈছে।” |
সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
হে যিহোৱাৰ ভক্ত লোকসকল, তোমালোকে তেওঁক প্ৰেম কৰা; যিহোৱাই বিশ্বাসীসকলক ৰক্ষা কৰে, কিন্তু অহংকাৰীবোৰক তেওঁ অধিক প্ৰতিফল দিয়ে।
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
সেই সময়ত হিষ্কিয়াৰ সাংঘাতিক নৰিয়া হৈছিল। আমোচৰ পুত্ৰ ভাববাদী যিচয়াই তেওঁৰ ওচৰলৈ আহিলে, আৰু তেওঁক ক’লে, “যিহোৱাই কৈছে, ‘তুমি তোমাৰ ঘৰ সৃঙ্খলাবদ্ধ কৰা; কাৰণ তোমাৰ মৃত্যু হ’ব, তুমি আৰু জীয়াই নাথাকিবা’।”
মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ; নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে; কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে।
প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷