পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।
যিচ 29:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাৰ পৰা নিজৰ কল্পনা গভীৰ ভাৱে লুকুৱাব খোজা জনৰ সন্তাপ হ’ব, আৰু আন্ধাৰত কাৰ্য কৰা জন, তেওঁলোকে কয়, “আমাক কোনে দেখে? আমাক কোনে জানে?” তেওঁলোকৰ সন্তাপ হ’ব। |
পাছে শোকৰ দিন শেষ হোৱাত, দায়ূদে মানুহ পঠিয়াই তেওঁক নিজৰ ঘৰলৈ অনালে, তাতে তেওঁ তেওঁৰ পত্নী হৈ তেওঁলৈ এটি পুত্ৰ প্ৰসৱ কৰিলে৷ কিন্তু দায়ূদে কৰা সেইকৰ্মত যিহোৱাই অসন্তুষ্ট হ’ল।
ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
তোমালোকে কৈছিলা, “আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলোঁ, আৰু চিয়োলৰ সৈতে আমাৰ চুক্তি আছে। সেয়ে যেতিয়া প্ৰলয় কৰা বিচাৰ মাজেৰে যাব তেতিয়া আমাৰ ওচৰ নাচাপিব; কিয়নো আমি মিছাক আমাৰ আশ্ৰয়, আৰু ছলক আমাৰ লুকুৱাৰ ঠাই কৰিলোঁ।”
মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।
“হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
তুমি তোমাৰ দুষ্টতাত নির্ভৰ কৰিছা; তুমি কোৱা “মোক কোনেও নেদেখে;” তোমাৰ প্রজ্ঞা আৰু তোমাৰ জ্ঞানেই তোমাক বিপথগামী কৰিলে; কিন্তু তুমি মনতে কোৱা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই।”
মইয়ে তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব।
যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”
তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালোঁ!
তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
বিদ্ৰোহীসকলে অনেক লোকক বধ কৰি গভীৰলৈকে খন্দা ৰক্তৰ গাতলৈকে গ’ল, মই তেওঁলোকৰ সকলোকে শাস্তি দিম।
সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”
সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।