3 তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে?
আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
তুমি তেওঁলোকক তোমাৰ উপস্থিতিৰ আশ্রয় স্থানত ৰাখি, মানুহৰ কুমন্ত্ৰণাৰ পৰা লুকুৱাই ৰাখা; বিতর্কমূলক জিভাবোৰৰ পৰা তোমাৰ নিৰাপদ আশ্রয় স্থানত তুমি তেওঁলোকক আঁতৰাই ৰাখা।
সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।
দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।
যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে।
সেই সময়ত গোটেই ইস্ৰায়েল দেশত কোনো কমাৰ পোৱা নগৈছিল; কাৰণ পলেষ্টীয়াসকলে কয় “কমাৰ থাকিলে ইব্ৰীয়াসকলে নিজৰ কাৰণে তৰোৱাল বা যাঠি গঢ়াই লব।”