কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
যিচ 11:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব। |
কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! [চেলা]
গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।
মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
তেওঁলোক সাপৰ কণী উমনি লৈ জগায়, আৰু মকৰাৰ জাল গাঁথে; যি জনে তেওঁলোকৰ কণী খায়, সি মৰে, আৰু যি কণী ভাগে, তাৰ পৰা কালসৰ্প বাহিৰ হয়।