অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
যিচ 10:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব। |
অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা! কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয় নে? “তেওঁ মোক নিৰ্ম্মাণ কৰা নাই,” এই বুলি নিৰ্ম্মিত বস্তুৱে নিৰ্ম্মণকৰ্ত্তাৰ বিষয়ে ক’ব পাৰে নে? “তেওঁ বুজা নাই,” গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক’ব পাৰে নে?
তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই কৰিলা।
যি কোনোৱে নিজৰ নিৰ্মাণকৰ্ত্তাৰ লগত বাদানুবাদ কৰে, তেওঁৰ সন্তাপ হ’ব! তেওঁ পৃথিবীৰ সকলো মাটিৰ খোলাকটিবোৰৰ মাজৰ এডোখৰ খোলাকটি মাথোন! ‘তুমি কি কৰিছা?’ এই বুলি জানো কুমাৰ জনক মাটিয়ে ক’ব? বা ‘তুমি কি বনাইছা- যেতিয়া তুমি এইটো কৰিছিলা তেতিয়া তোমাৰ অধিকাৰ নাছিল নেকি?’ তাৰ হাত নাই, এই বুলি জানো তোমাৰ সজা বস্তুৱে ক’ব?
সেই সময়ত প্ৰভুৱে ইফ্রাত নদীৰ সিপাৰত থকা ৰজা অচূৰীয়াৰ পৰা ভাড়া দি অনা খুৰেৰে খুৰাব তেওঁ তোমালোকৰ মুৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব, আৰু তেওঁ ডাঢ়িও খুৰাব।
যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সঁচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক শোধাই দিয়া হ’ব!