দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।
যাত্ৰা 9:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত শণ সূতাৰ ফুলবোৰ আৰু যৱ ধান নষ্ট হৈছিল; কাৰণ যৱ ধানৰ থোক পুৰঠ হৈছিল, আৰু শণ সূতাৰ ফুলবোৰ ফুলিছিল। |
দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।
“মই তোমালোকৰ শস্যবোৰ শুকাই যোৱা ৰোগ আৰু ভেঁকুৰ ধৰা ৰোগেৰে আঘাত কৰিলোঁ; তোমালোকৰ বাগানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কাকতি ফৰিঙে খাই ধ্বংস কৰিলে; তথাপি তোমালোকে মোলৈ ঘূৰি নাহিলা।” যিহোৱাই এই কথা কৈছে।
যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,
এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।
এইদৰে যৱ ধান আৰু ঘেহুঁ ধান দাই শেষ নকৰালৈকে তেওঁ ধান বুটলি বোৱজৰ দাসীসকলৰ লগে লগে থাকিল, আৰু নিজ শাহুৱেকৰ লগত বাস কৰিলে।